Skip to content


বাইবেল অধ্যয়নৰ নিৰ্দেশনা

দুখ-কষ্ট নথকা এক অনন্ত জীৱন!

এই বিনামূলীয়া বাইবেল অধ্যয়নত আপুনি বহুতো প্ৰশ্নৰ উত্তৰ পাব। যেনে:

  • মই জীৱনত কেনেকৈ আনন্দ লাভ কৰিম?

  • দুষ্টতা আৰু দুখ-কষ্ট কেতিয়াবা শেষ হʼবনে?

  • মৃত্যুত হেৰুৱা পৰিয়ালৰ লোক আৰু বন্ধুসকলক মই পুনৰ লগ পামনে?

  • ঈশ্বৰে সঁচাকৈ মোৰ বিষয়ে চিন্তা কৰেনে?

  • মই কেনেদৰে প্ৰাৰ্থনা কৰিলে ঈশ্বৰে শুনিব?

বিনামূলীয়া

দুখ-কষ্ট নথকা এক অনন্ত জীৱন! এই কিতাপখনৰপৰা আলোচনা কৰিবলৈ আপোনাৰপৰা কোনো টকা-পইচা লোৱা নহʼব। যদি আপুনি বিচাৰে, তেনেহʼলে আপোনাক এখন বাইবেলো দিয়া হʼব।

আপোনাৰ সুবিধা অনুসৰি

যিকোনো ঠাইত বা যিকোনো সময়ত আপুনি এজন যিহোৱাৰ সাক্ষীৰ লগত ব্যক্তিগতভাৱে লগ কৰিব পাৰে বা ফোনত অথবা ভিডিঅʼ কলৰ যোগেদি যোগাযোগ কৰিব পাৰে।

বাধ্যতামূলক নহয়

আপুনি যিকোনো সময়ত এই অধ্যয়ন বন্ধ কৰিব পাৰে।

বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?

বাইবেলে কোনো এটা বিষয়ত কি শিকায়, তাৰ বিষয়ে ভালদৰে বুজিবলৈ এজন যিহোৱাৰ সাক্ষীয়ে আপোনাক সহায় কৰিব। আপুনি এটাৰ পাছত এটা বিষয় আলোচনা কৰিব পাৰে। আপুনি যিমানেই দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰপৰা আলোচনা কৰি গৈ থাকিব, সিমানেই আপুনি বাইবেলৰ কথাবোৰ বুজিব পাৰিব আৰু এই কথাবোৰে আপোনাক কেনেকৈ সহায় কৰিব পাৰে, সেয়াও জানিব পাৰিব। বেছিকৈ জানিবলৈ এই ভিডিঅʼখন চাওক বা এই আলোচনাৰ বিষয়ে সঘনাই সোধা প্ৰশ্নবোৰ চাওক।

বিষয়বোৰ চাব বিচাৰেনে?

আলোচনাৰ বাবে দিয়া আৰম্ভণিৰ পাঠবোৰ চাওক।

এতিয়া কৰিব বিচাৰেনে?

বাইবেল অধ্যয়নৰ বাবে অনুৰোধ কৰিবলৈ বুটনত ক্লিক কৰক।