Skip to content

মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰে প্ৰমাণ কৰেনে যে যীচু মচীহ হয়?

মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰে প্ৰমাণ কৰেনে যে যীচু মচীহ হয়?

পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

 হয় প্ৰমাণ কৰে। “অভিষিক্ত অধিপতিৰ” বিষয়ে কৰা বহুতো ভৱিষ্যতবাণী পৃথিৱীত থকাৰ সময়ত যীচুৰ ওপৰত পূৰ হৈছিল, যিজনে “জগতৰ ত্ৰাণকৰ্ত্তা” হʼলহেঁতেন। (দানিয়েল ৯:২৫; ১ যোহন ৪:১৪) আনকি মৃত্যুৰ পাছতো মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰ যীচুৰ ওপৰত পূৰ হৈছিল।—গীতমালা ১১০:১; পাঁচনিৰ কৰ্ম্ম ২:৩৪-৩৬.

 “মচীহৰ” অৰ্থ কি?

 হীব্ৰু শব্দ মচিয়াক (মচীহ) আৰু গ্ৰীক শব্দ খ্ৰীষ্টʼচ (খ্ৰীষ্ট) দুয়োটা শব্দৰ অৰ্থ হৈছে “অভিষিক্ত জনা।” সেইবাবে, খ্ৰীষ্টৰ অৰ্থ হৈছে “যীচু অভিষিক্ত জনা” বা “যীচু খ্ৰীষ্ট।”

 প্ৰাচীন সময়ত যেতিয়া এজন ব্যক্তিক কোনো এটা অধিকাৰৰ বাবে অভিষিক্ত বা নিৰ্বাচন কৰা হৈছিল, তেতিয়া তেওঁৰ মূৰত তেল ঢালি দিয়া হৈছিল। (লেবীয়া পুস্তক ৮:১২; ১ চমূৱেল ১৬:১৩) মচীহ হিচাপে এটা ডাঙৰ দায়িত্বৰ বাবে ঈশ্বৰে যীচুক অভিষিক্ত কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২:৩৬) কিন্তু ঈশ্বৰে যীচুক তেল ঢালি অভিষিক্ত কৰা নাছিল, ইয়াৰ পৰিৱৰ্তে পবিত্ৰ আত্মাৰে তেওঁক অভিষিক্ত কৰিছিল।—মথি ৩:১৬.

 মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰ বহুতোলোকৰ ওপৰত পূৰ হৈছে নেকি?

 পূৰ হোৱা নাই। যিদৰে আঙুলিৰ চাপৰপৰা কেৱল এজন ব্যক্তিকে চিনিব পাৰি, ঠিক সেইদৰে বাইবেলত কৰা ভৱিষ্যতবাণীবোৰ এজন মচীহ বা খ্ৰীষ্টৰ ওপৰতে পূৰ হʼব। কিন্তু বাইবেলে এইদৰে সতৰ্ক কৰিছে, “ভাঁৰি-কোৱা খ্ৰীষ্ট্‌ আৰু ভাঁৰি-কোৱা ভাববাদীবোৰ ওলাই, এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হলে, মনোনীত লোকবিলাককো ভুলাব।”—মথি ২৪:২৪.

 মচীহক ভৱিষ্যতে দেখা পোৱা যাব নে?

 নাযাব। দায়ূদৰ বংশৰপৰা মচীহ আহিব বুলি বাইবেলত ভৱিষ্যতবাণী কৰা হৈছিল। (গীতমালা ৮৯:৩, ৪) কিন্তু যেতিয়া ৭০ খ্ৰীষ্টাব্দত  a ৰোমানসকলে যিৰূচালেমৰ ওপৰত জয়লাভ কৰিছিল, তেতিয়া দায়ূদৰ উত্তৰাধিকাৰীৰ সকলো প্ৰমাণ-পত্ৰ নষ্ট হৈছিল। গতিকে, সেইসময়ত কোনোৱে নিজকে দায়ূদৰ পৰিয়ালৰ হয় বুলি প্ৰমাণ কৰাটো সম্ভৱ নাছিল। ইয়াৰ উপৰিও, যীচুৰ সময়তো যিহূদীসকলৰ উত্তৰাধিকাৰীৰ প্ৰমাণ-পত্ৰ আছিল, তথাপি শত্ৰুসকলে নিজকে দায়ূদৰ বংশৰ হয় বুলি দাবী কৰিছিল, কিন্তু সফল নহʼল।—মথি ২২:৪১-৪৬.

 বাইবেলত মচীহৰ বিষয়ে কিমান ভৱিষ্যতবাণী উল্লেখ কৰা হৈছে?

 মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰৰ এক নিৰ্দিষ্ট সংখ্যাত চিনাক্ত কৰাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে, ভৱিষ্যতবাণীৰ সংখ্যা নিৰ্ধাৰণ কৰাৰ পদ্ধতি ব্যৱহাৰ কৰিলেও মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীৰ সংখ্যা বেলেগ বেলগ দেখিবলৈ পোৱা যায়। যিচয়া ৫৩:২-৭ পদত মচীহৰ বিষয়ে বহুতো ভৱিষ্যতবাণী উল্লেখ আছে। কিছুমান লোকে ইয়াত উল্লেখ কৰা ভৱিষ্যতবাণীক এটা বুলি গণনা কৰে আৰু আন কিছুমানে বেলেগ বেলেগ বুলি গণনা কৰে।

 যীচুৰ ওপৰত পূৰ হোৱা কিছুমান ভৱিষ্যতবাণী

ভৱিষ্যতবাণী

পোৱা গৈছে

পূৰ হৈছে

অব্ৰাহামৰ বংশ

আদিপুস্তক ২২:১৭, ১৮

মথি ১:১

অব্ৰাহামৰ পুত্ৰ ইচহাকৰ বংশ

আদিপুস্তক ১৭:১৯

মথি ১:২

যিহূদা বংশৰপৰা আহিব

আদিপুস্তক ৪৯:১০

মথি ১:১, ৩

ৰজা দায়ূদৰ বংশৰপৰা আহিব

যিচয়া ৯:৭

মথি ১:১

এজনী কুঁৱৰীৰপৰা জন্ম হʼব

যিচয়া ৭:১৪

মথি ১:১৮, ২২, ২৩

বৈৎলেহেমত জন্ম হʼব

মীখা ৫:২

মথি ২:১, ৫, ৬

ইম্মানূৱেল বুলি জনাজাত হʼব b

যিচয়া ৭:১৪

মথি ১:২১-২৩

সাধাৰণ পৰিয়ালত জন্ম

যিচয়া ৫৩:২

লূক ২:৭

তেওঁৰ জন্মৰ পাছত কেঁচুৱাবোৰক হত্যা কৰা হৈছিল

যিৰিমিয়া ৩১:১৫

মথি ২:১৬-১৮

মিচৰৰপৰা মাতি আনিলে

হোচেয়া ১১:১

মথি ২:১৩-১৫

নাচৰতীয়া বুলি জনাজাত হʼল c

যিচয়া ১১:১

মথি ২:২৩

এজন দূত হিচাপে বাট যুগুত কৰিব

মলাখী ৩:১

মথি ১১:৭-১০

২৯ খ্ৰীষ্টাব্দত মচীহ হিচাপে অভিষিক্ত কৰা হৈছিল d

দানিয়েল ৯:২৫

মথি ৩:১৩-১৭

ঈশ্বৰে তেওঁক পুত্ৰ বুলি কৈছিল

গীতমালা ২:৭

পাঁচনিৰ কৰ্ম্ম ১৩:৩৩, ৩৪

যিহোৱাৰ ঘৰৰ বাবে উৎসাহ

গীতমালা ৬৯:৯

যোহন ২:১৩-১৭

শুভবাৰ্তা জনাইছে

যিচয়া ৬১:১

লূক ৪:১৬-২১

গালীলত কৰা ঘোষণাই মহাজ্যোতি প্ৰকাশ কৰে

যিচয়া ৯:১, ২

মথি ৪:১৩-১৬

মোচিয়ে কৰাৰ দৰে এটা আচৰিত কৰ্ম

দ্বিতীয় বিবৰণ ১৮:১৫

পাঁচনিৰ কৰ্ম্ম ২:২২

মোচিৰ দৰে তেওঁ ঈশ্বৰৰ বিষয়ে কৈছিল

দ্বিতীয় বিবৰণ ১৮:১৮, ১৯

যোহন ১২:৪৯

বহুতো বেমাৰী লোকক সুস্থ কৰিলে

যিচয়া ৫৩:৪

মথি ৮:১৬, ১৭

নিজৰ ফালে ধ্যান আকৰ্ষণ কৰা নাছিল

যিচয়া ৪২:২

মথি ১২:১৭, ১৯

দুখীয়াসকলৰ প্ৰতি সহানুভূতি দেখুৱাইছিল

যিচয়া ৪২:৩

মথি ১২:৯-২০; মাৰ্ক ৬:৩৪

ঈশ্বৰৰ ন্যায় প্ৰকাশ কৰিছিল

যিচয়া ৪২:১, ৪

মথি ১২:১৭-২০

বুদ্ধিমান পৰামৰ্শদাতা

যিচয়া ৯:৬, ৭

যোহন ৬:৬৮

যিহোৱাৰ নামৰ বিষয়ে জনাইছিল

গীতমালা ২২:২২

যোহন ১৭:৬

উদাহৰণ দি কথা পাতিছিল

গীতমালা ৭৮:২

মথি ১৩:৩৪, ৩৫

এজন নেতা

দানিয়েল ৯:২৫

মথি ২৩:১০

বহুতোলোকে তেওঁক বিশ্বাস কৰা নাছিল

যিচয়া ৫৩:১

যোহন ১২:৩৭, ৩৮

উজুটি খোৱা শিল

যিচয়া ৮:১৪, ১৫

মথি ২১:৪২-৪৪

লোকসকলে অস্বীকাৰ কৰিলে

গীতমালা ১১৮:২২, ২৩

পাঁচনিৰ কৰ্ম্ম ৪:১০, ১১

কোনো কাৰণ নোহোৱাকৈ ঘৃণা কৰিলে

গীতমালা ৬৯:৪

যোহন ১৫:২৪, ২৫

গাধত উঠি যিৰূচালেমত প্ৰৱেশ কৰিব

জখৰিয়া ৯:৯

মথি ২১:৪-৯

লʼৰা-ছোৱালীয়ে প্ৰশংসা কৰিব

গীতমালা ৮:২

মথি ২১:১৫, ১৬

যিহোৱাৰ নামেৰে আহিছিল

গীতমালা ১১৮:২৬

যোহন ১২:১২, ১৩

ঘনিষ্ঠ বন্ধুৱে বিশ্বাসঘাত কৰিলে

গীতমালা ৪১:৯

যোহন ১৩:১৮

৩০ চেকল ৰূপৰ বাবে বিশ্বাসঘাত কৰিলে e

জখৰিয়া ১১:১২, ১৩

মথি ২৬:১৪-১৬; ২৭:৩-১০

বন্ধুসকলে এৰি দিছিল

জখৰিয়া ১৩:৭

মথি ২৬:৩১, ৫৬

তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়া হৈছিল

গীতমালা ৩৫:১১

মথি ২৬:৫৯-৬১

অভিযোগকাৰীসকলৰ আগত মনে মনে আছিল

যিচয়া ৫৩:৭

মথি ২৭:১২-১৪

তেওঁৰ ওপৰত থু পেলোৱা হʼল

যিচয়া ৫০:৬

মথি ২৬:৬৭; ২৭:২৭, ৩০

মূৰত কোবালে

মীখা ৫:১

মাৰ্ক ১৫:১৯

চাবোকেৰে কোবালে

যিচয়া ৫০:৬

যোহন ১৯:১

কোবোৱা লোকসকলক তেওঁ বাধা নিদিলে

যিচয়া ৫০:৬

যোহন ১৮:২২, ২৩

অধিকাৰীসকলে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল

গীতমালা ২:৩

লূক ২৩:১০-১২

তেওঁৰ হাত আৰু ভৰিত গজাল মাৰিছিল

গীতমালা ২২:১৬

মথি ২৭:৩৫; যোহন ২০:২৫

লোকসকলে তেওঁৰ কাপোৰৰ বাবে চিঠী খেলিলে

গীতমালা ২২:১৮

যোহন ১৯:২৩, ২৪

তেওঁক পাপীবোৰৰ লগত গণ্য কৰা হৈছিল

যিচয়া ৫৩:১২

মথি ২৭:৩৮

নিন্দা আৰু ঠাট্টা কৰিছিল

গীতমালা ২২:৭, ৮

মথি ২৭:৩৯-৪৩

অধৰ্মীসকলৰ বাবে দুখ-ভোগ কৰিলে

যিচয়া ৫৩:৫, ৬

১ পিতৰ ২:২৩-২৫

ঈশ্বৰে ত্যাগ কৰা যেন দেখা গৈছিল

গীতমালা ২২:১

মাৰ্ক ১৫:৩৪

টেঙা ৰস আৰু তিতা দ্ৰাক্ষাৰস খাবলৈ দিলে

গীতমালা ৬৯:২১

মথি ২৭:৩৪

মৃত্যুৰ আগমূহুৰ্তত পিয়াহ লাগিছিল

গীতমালা ২২:১৫

যোহন ১৯:২৮, ২৯

নিজৰ জীৱন ঈশ্বৰক সমৰ্পণ কৰিলে

গীতমালা ৩১:৫

লূক ২৩:৪৬

তেওঁ প্ৰাণ ত্যাগ কৰিলে

যিচয়া ৫৩:১২

মাৰ্ক ১৫:৩৭

পাপৰপৰা উদ্ধাৰ কৰিবলৈ মুক্তিপণস্বৰূপে নিজৰ জীৱন দিলে

যিচয়া ৫৩:১২

মথি ২০:২৬

হাড় ভঙা নহʼল

গীতমালা ৩৪:২০

যোহন ১৯:৩১-৩৩, ৩৬

তেওঁৰ শৰীৰত খোঁচা হʼল

জখৰিয়া ১২:১০

যোহন ১৯:৩৩-৩৫, ৩৭

ধনী লোকৰ লগত কবৰ দিয়া হৈছিল

যিচয়া ৫৩:৯

মথি ২৭:৫৭-৬০

পুনৰ জীৱিত হʼল

গীতমালা ১৬:১০

পাঁচনিৰ কৰ্ম্ম ২:২৯-৩১

বিশ্বাসঘাত কৰা ব্যক্তিক দায়িত্ব দিলে

গীতমালা ১০৯:৮

পাঁচনিৰ কৰ্ম্ম ১:১৫-২০

ঈশ্বৰৰ সোঁহাতে বহিছে

গীতমালা ১১০:১

পাঁচনিৰ কৰ্ম্ম ২:৩৪-৩৬

a মেক্‌ক্লিংটক্‌ এণ্ড ষ্ট্ৰংগছ চাইক্লোপিডিয়াই কৈছে: ইয়াত কোনো সন্দেহ নাই যে যিৰূচালেম ধ্বংস হোৱাৰ সময়তহে যিহূদী জনজাতি আৰু পৰিয়ালৰ বংশাৱলিৰ বিৱৰণৰ প্ৰমাণ-পত্ৰ ধ্বংস হৈছিল। ইয়াৰ আগতে ধ্বংস হোৱা নাছিল।

b হীব্ৰু ভাষাত ইম্মানূৱেলৰ অৰ্থ হৈছে “আমাৰ লগত ঈশ্বৰ আছে।” ইয়ে মচীহ হিচাপে যীচুৰ ভূমিকাক চিত্ৰিত কৰে। পৃথিৱীত থকাৰ সময়ত যীচুৱে যি কাম কৰিছিল, সেইবোৰে প্ৰমাণ কৰে যে ঈশ্বৰ নিজৰ সেৱকসকলৰ লগত আছে।—লূক ২:২৭-৩২; ৭:১২-১৬.

c “নাচৰতীয়া” শব্দটো হীব্ৰু শব্দ নেʼটচাৰৰপৰা আহিছে, ইয়াৰ অৰ্থ হৈছে “গজালি।”

d বাইবেলৰ বংশাৱলিৰপৰা বুজিব পাৰি যে ২৯ খ্ৰীষ্টাব্দত মচীহ উপস্থিত হʼব। ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ “দানিয়েলৰ ভৱিষ্যতবাণীত মচীহৰ আগমনৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰা হৈছে” লেখটো চাওক।

e এই ভৱিষ্যতবাণী জখৰিয়াৰ কিতাপত উল্লেখ আছে। কিন্তু বাইবেলৰ লেখক মথিয়ে এইদৰে কৈছে, ‘যিৰিমিয়া ভাববাদীৰ দ্বাৰাই বচন কোৱা হৈছিল।’ (মথি ২৭:৯) ইয়ে দেখুৱায় যে যিৰিমিয়া নামৰ কিতাপখন কেতিয়াবা কেতিয়াবা ‘ভাববাদীসকলৰ পুস্তক’ ভাগৰ প্ৰথম স্থানত ৰখা হৈছিল। (লূক ২৪:৪৪) গতিকে, মথিয়ে গোটেই পুস্তকৰ বাবে “যিৰিমিয়া” শব্দটো ব্যৱহাৰ কৰিছে, যʼত জখৰিয়া কিতাপখনো জড়িত আছে।