Skip to content

যিহোৱাৰ সাক্ষীসকলে এই নামটো কেনেকৈ ধাৰণ কৰে?

যিহোৱাৰ সাক্ষীসকলে এই নামটো কেনেকৈ ধাৰণ কৰে?

 যিহোৱা হৈছে ঈশ্বৰৰ ব্যক্তিগত নাম আৰু এই নামটো বাইবেলত উল্লেখ আছে। (যাত্ৰাপুস্তক ৬:৩; গীতমালা ৮৩:১৮) যদি এজন ব্যক্তিয়ে কোনো এক সত্য বা ভাৱধাৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰি আনৰ আগত প্ৰকাশ কৰে, তেনেহʼলে তেওঁক সাক্ষী বুলি কোৱা হয়।

 সেইবাবে, এক সমূহ হিচাপে সত্য খ্ৰীষ্টানসকলে যিহোৱাৰ সাক্ষী নামেৰে, সকলো বস্তুৰ সৃষ্টিকৰ্ত্তা যিহোৱা ঈশ্বৰৰ বিষয়ে সত্যতা প্ৰকাশ কৰে। (প্ৰকাশিত বাক্য ৪:১১) আমাৰ জীৱন-প্ৰণালীৰ যোগেদি আৰু বাইবেলৰপৰা শিকা কথাবোৰ আনক জনোৱাৰ যোগেদি আমি সাক্ষী দিওঁ।​—যিচয়া ৪৩:​১০-১২; ১ পিতৰ ২:১২.