Skip to content

Skip to table of contents

ভাগ ২

এজনে-আনজনৰ বিশ্বাসী হওক

এজনে-আনজনৰ বিশ্বাসী হওক

“ঈশ্বৰে যাক যোগ কৰি দিলে, তাক মানুহে বিয়োগ নকৰক।”—মাৰ্ক ১০:৯

যিহোৱা ঈশ্বৰে আমাক “দয়া” দেখুৱাবলৈ উৎসাহিত কৰিছে। (মীখা ৬:৮) বাইবেলে শিকায় যে এজনে-আনজনৰ প্ৰতি প্ৰেম থকাৰ বাবে এই গুণ বিকশিত হয়। বিবাহিত জীৱনত এই গুণ অতি আৱশ্যক, কিয়নো দয়াৰ অবিহনে বিশ্বাসী হৈ থকা অসম্ভৱ। সেইবাবে, এজনে-আনজনৰ প্ৰতি প্ৰেম গভীৰ হʼবলৈ বিশ্বাসী হোৱা উচিত।

বৰ্তমান সময়ত, বিবাহিত জীৱনত এজনে-আনজনৰ প্ৰতি বিশ্বাসী হৈ থকাটো কঠিন হৈ পৰিছে। আপোনাৰ বৈবাহিক সম্বন্ধক সুৰক্ষিত কৰিবলৈ আপুনি দুটা পদক্ষেপ লোৱা অতি আৱশ্যক।

১ আপোনাৰ বৈবাহিক জীৱনক বিশেষ স্থান দিয়ক

বাইবেলত কি উল্লেখ আছে: ‘যি যি শ্ৰেষ্ঠ, তোমালোকে পৰীক্ষা কৰিবা।’ (ফিলিপীয়া ১:৯) বিবাহ হৈছে আপোনাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াক বিশেষ স্থান দিয়া উচিত।

আপুনি সংগীক মনোযোগ দিয়া আৰু একেলগ হৈ জীৱনত “আনন্দ” লোৱাটো যিহোৱাই বিচাৰে। (উপদেশক ৯:৯) ঈশ্বৰে স্পষ্টৰূপে উল্লেখ কৰিছে যে আপুনি সংগীক কেতিয়াও আওকাণ নকৰিব, কিন্তু ইয়াৰ পৰিৱৰ্তে, এজনে-আনজনক সুখী কৰিবলৈ চেষ্টা কৰিব। (১ কৰিন্থীয়া ১০:২৪) আপোনাৰ সংগীক যে আপোনাৰ প্ৰয়োজন আছে আৰু আপুনি তেওঁক মূল্যৱান বুলি গণ্য কৰে, এই বিষয়ে এজনে-আনজনক অনুভৱ কৰিবলৈ সহায় কৰক।

আপুনি কি কৰিব পাৰে:

  • আপুনি নিয়মীয়াকৈ আপোনাৰ সংগীৰ লগত সময় অতিবাহিত কৰিবলৈ নিশ্চিত কৰক আৰু এজনে-আনজনৰ কথা মনোযোগ দি শুনক

  • বিবাহৰ আগতে আপুনি নিজৰ নিৰ্ণয় নিজে লৈছিল, কিন্তু বিবাহৰ পাছত নিৰ্ণয় লওঁতে নিজৰ সংগীক কেতিয়াও নাপাহৰিব

২ আপোনাৰ হৃদয়ক সুৰক্ষিত কৰক

বাইবেলত কি উল্লেখ আছে: “যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।” (মথি ৫:২৮) যদি কোনোবাই অনৈতিক বিষয়বোৰ মনতে ভাবি থাকে, তেনেহʼলে তেওঁ নিজৰ সংগীৰ লগত বিশ্বাসঘাতকতা কৰা হʼব।

যিহোৱা ঈশ্বৰে কৈছে যে আপুনি নিজৰ “হৃদয়ক অধিক যত্নেৰে ৰক্ষা” কৰা উচিত। (হিতোপদেশ ৪:২৩; যিৰিমিয়া ১৭:৯) এনে কৰিবলৈ আপুনি নিজৰ চকুক পহৰা দিয়ক। (মথি ৫:২৯, ৩০) ইয়োবৰ উদাহৰণক অনুকৰণ কৰক। তেওঁ আন তিৰোতালৈ কু-দৃষ্টিৰে নাচাবলৈ নিজৰ চকুৰ সৈতে এক নিয়ম বান্ধিছিল। (ইয়োব ৩১:১) অশ্লীল ছবিবোৰ নাচাবলৈ দৃঢ় সংকল্প লওক। নিজৰ সংগীৰ বাহিৰে, আন কাৰোৰে লগত ৰোমান্টিক সম্পৰ্ক গঢ়ি তোলাৰপৰা আঁতৰি থাকক।

আপুনি কি কৰিব পাৰে:

  • আনক এই বিষয়ে স্পষ্টৰূপে জানিবলৈ দিয়ক যে আপুনি আপোনাৰ সংগীৰ বাহিৰে আন কাৰোৰে প্ৰতি আগ্ৰহী নহয়

  • আপোনাৰ সংগীৰ আৱেগ-অনুভূতিৰ প্ৰতি মনোযোগ দিব আৰু আপোনাৰ সংগীয়ে বেয়া পোৱা যিকোনো ধৰণৰ সম্পৰ্ক অতি সোনকালে ত্যাগ কৰিব