Skip to content

Skip to table of contents

প্ৰেমৰ বন্ধন

প্ৰেমৰ বন্ধন

ডাউনলʼড:

  1. ১. যাঃয়ে দিলে উপহাৰ আমাক,

    অমূল্য যি হয়, সেই আমাৰ প্ৰেম।

    দুই মন মিলি এক হৃদয় আমাৰ,

    পালো সঙ্গী মই আশা হʼল পূৰ।

    (কোৰাচ)

    তিনি ৰচীৰ বান্ধোন, বিয়াত যদি হয়,

    বাঢ়ে প্ৰেম আমাৰ, আজীৱন।

    অটুট কৰিলে যাঃয়ে,

    এই বান্ধোন আমাৰ,

    সঙ্গী হৈ থাকিম সদায় তোমাৰ।

    তুমি যে মোৰ প্ৰেম,

    তুমি যে মোৰ।

  2. ২. আহে সমস্যা যদি,

    পাৰ হম একেলগে হাত ধৰি,

    প্ৰতিদিনে দৃঢ় হʼব এই প্ৰেম।

    সঙ্গী হৈ থাকিম সদায় তোমাৰ।

    হয়, হয়, চিৰকাল।

    (কোৰাচ)

    তিনি ৰচীৰ বান্ধোন, বিয়াত যদি হয়,

    বাঢ়ে প্ৰেম আমাৰ, আজীৱন।

    অটুট কৰিলে যাঃয়ে,

    এই বান্ধোন আমাৰ,

    সঙ্গী হৈ থাকিম সদায় তোমাৰ।

    তুমি যে মোৰ প্ৰেম,

    তুমি যে মোৰ।

    (ব্ৰীজ)

    নহয় যেন প্ৰেম আমাৰ কম,

    আহক যিমান বাধা আৰু প্ৰতিৰোধ।

    আছোঁ তোমাৰ হৈ আৰু থাকিম সদায়।

    তুমি মোৰ “হাড়ৰো-হাড়”; মোৰ দেহা তুমি,

    তুমি প্ৰেমিকা মোৰ, সঙ্গী তুমি হয়,

    তোমাৰ লগতে কটাম জীৱন।

  3. ৩. শুনা এবাৰ মনৰ কথা,

    ভাল পাওঁ তোমাক মই হৃদয়েৰে।

    হʼলা যেতিয়া তুমি মোৰ প্ৰিয়তমা,

    মনৰ আশা যে মোৰ হʼল পূৰ,

    হʼল পূৰ।

    (কোৰাচ)

    তিনি ৰচীৰ বান্ধোন, বিয়াত যদি হয়,

    বাঢ়ে প্ৰেম আমাৰ, আজীৱন।

    অটুট কৰিলে যাঃয়ে,

    এই বান্ধোন আমাৰ,

    সঙ্গী হৈ থাকিম সদায় তোমাৰ।

    তুমি যে মোৰ প্ৰেম।

    তুমি মোৰ প্ৰেম,

    সঙ্গী হৈ থাকিম সদায় তোমাৰ।

    তুমি যে মোৰ প্ৰেম।