Skip to content

Skip to table of contents

আপুনি ঈশ্বৰৰ পৰামৰ্শ লাভ কৰিব পাৰে

আপুনি ঈশ্বৰৰ পৰামৰ্শ লাভ কৰিব পাৰে

বাইবেলখন ঈশ্বৰে লিখাইছে। এয়া আমি কেনেকৈ কʼব পাৰোঁ? হাজাৰ হাজাৰ বছৰৰ আগতে ঈশ্বৰে কিছুমান লোকক নিজৰ চিন্তাধাৰা জনাইছিল আৰু তেওঁলোকে সেইবোৰ কথা লিখিছিল। “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।” (২ তীমথিয় ৩:১৬) ইয়াৰ অৰ্থ হৈছে, গোটেই শাস্ত্ৰ ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে।

আপুনি তেওঁৰপৰা শিকাটো ঈশ্বৰে বিচাৰে

যিহোৱা ঈশ্বৰে এইদৰে কৈছে, “তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই। অহ, তুমি মোৰ আজ্ঞাত মন দিয়া হলে, কেনে ভাল আছিল! দিয়া তোমাৰ শান্তি নদীৰ নিচিনা, আৰু তোমাৰ ধাৰ্ম্মিকতা সমুদ্ৰৰ ঢৌৰ নিচিনা হলহেঁতেন।”—যিচয়া ৪৮:১৭, ১৮.

আমি আনন্দত থকা আৰু মনৰ শান্তি লাভ কৰাটো ঈশ্বৰে বিচাৰে। সেইবাবে, তেওঁ জনায় যে আমি কি কৰা উচিত।

ঈশ্বৰে লিখা জ্ঞানৰ বিষয়ে শিকক

‘সকলো জাতিৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিব লাগে।’—মাৰ্ক ১৩:১০.

অতি সোনকালে যিহোৱা ঈশ্বৰে দুখ-কষ্ট নাইকিয়া কৰিব। এই পৃথিৱীখন সুন্দৰ বাগিচালৈ পৰিণত কৰিব আৰু আমাৰ আপোনজনা, যিসকলৰ মৃত্যু হৈছে, তেওঁলোকক পুনৰ জীয়াই তুলিব। এয়াই হৈছে “শুভবাৰ্ত্তা।” যিহোৱাৰ সাক্ষীসকলে এই শুভবাৰ্তা গোটেই পৃথিৱীত ঘোষণা কৰি আছে।